ৰঙিয়াঃ ঐতিহ্যমণ্ডিত গৰিয়াকোঠত সমবেত হ’ব হাজাৰ হাজাৰ লোক৷ প্ৰত্যেক বছৰে পালন কৰি অহাৰ দৰে এই বছৰতো পৰম্পৰাগত ৩৮সংখ্যক দৌল উৎসৱ উলহ-মালহেৰে আয়োজন কৰিবলৈ লৈছে পাণ্ডুৰীবাসী ৰাইজে৷
কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত গৰিয়াকোঠৰ হাঁহিৰাম ক্ষেত্ৰত দৌল মহোৎসৱ তিনিদিনীয়া কাৰ্যসূচীৰে ২৮ ফেব্ৰুৱাৰী পৰা ২ মাৰ্চ লৈকে অনুষ্ঠিত কৰা হৈছে। জানিব পৰা মতে ২৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব লগা দৌল মহোৎসৱত পুৱা ৮ বজাত ধৰ্মীয় পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি ভুৱনেশ্বৰ গোস্বামীয়ে।