গুৱাহাটীঃ ৱেব পৰ্টেল নিউজ নেক্সট ৱানৰ মুখ্য সম্পাদক, বিশিষ্ট চিন্তাবিদ ডঃ দীনেশ বৈশ্যক কোনো অচিনাক্ত লোকে ফোনযোগে ভাবুকি প্ৰদান কৰে। শুকুৰবাৰে দুপৰীয়া প্ৰায় ১২ বজাত ৯৯৫৪৮৫৭১৩৯ নম্বৰৰ ফোনৰপৰা নিজৰ পৰিচয় নিদিয়া লোকজনে ডঃ বৈশ্যক বিভিন্ন প্ৰশ্ন কৰি ব্যতিব্যস্ত কৰাৰ লগতে ভাবুকি প্ৰদান কৰে।
ডঃ বৈশ্যই অসমৰ বিভিন্ন কাকতে-পত্ৰই লিখা-মেলা কৰাৰ লগতে ‘দৈনিক অগ্ৰদূত’ কাকতত ‘দেশ-কাল-সমাজ’ শিৰোনামাৰে এক নিয়মীয়া স্তম্ভ লিখি দেশৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক বিষয়সমূহত বিশ্লেষণাত্মক মতামত আগবঢ়াই আহিছে। বৰ্তমান দেশৰ ৰাজনৈতিক পৰিস্থিতি আৰু শাসকীয় গোষ্ঠীৰ কেতবোৰ এলান্ধুকলীয়া চিন্তা-চৰ্চাক সমালোচনা কৰি ডঃ বৈশ্যই ‘অগ্ৰদূত’ কাকতত শেহতীয়াকৈ এক লেখা প্ৰকাশ কৰিছিল। সেই লেখাতেই ক্ষুব্ধ হৈ এনেদৰে তেওঁক ভাবুকি প্ৰদান কৰা বুলি কয় ডঃ বৈশ্যই।