ডিব্ৰুগড়ঃ ২০১৯ বৰ্ষৰ পদ্মশ্ৰী সন্মান লাভ কৰি অসমলৈ গৌৰব কঢ়িয়াই অনা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিকিৎসক ডাঃ ইলিয়াছ আলীক সোমবাৰে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ গুৱাহাটী মহানগৰ জিলা সমিতিয়ে৷
সংগঠনটোৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ নেতৃত্বত যোৱা এটা প্ৰতিনিধি দলে এটি ফুলাম জাপি, গৰিয়া, মৰিয়া, দেশী জনগোষ্ঠীৰ এখন কৱচ (গামোচা) আৰু এখন অভিনন্দন পত্ৰৰে পদ্মশ্ৰী সন্মান প্ৰাপ্ত ডাঃ ইলিয়াছ আলীক বিশেষ ভাবে সম্বৰ্ধনা জ্ঞাপন কৰে৷ দিনৰ প্ৰায় ১ বজাত সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি নুৰুল হ’ক, সহকাৰী সম্পাদক চহিদ আলী আহমেদ, গুৱাহাটী মহানগৰ জিলা সমিতিৰ উপ-সভাপতি ইছমাইল আলী, সভাপতি ৰাজীৱ চৌধুৰী, সম্পাদক সুৰজ খানে গুৱাহাটী মহানগৰীৰ হাতীগাঁও সিজুবাৰীস্থিত গ্ল’বেল হস্পিতালত উপস্থিত হৈ বিশিষ্ট চিকিৎসকগৰাকীক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে৷