newsnextone.com | ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ গৰখপুৰৰ বি আৰ ডি হাস্পাতালৰ চিকিৎসক ড০ কাফিল আহমেদৰ ভাতৃক গুলিয়াই হত্যা কৰাৰ চেষ্টা কৰা বুলি খবৰ আহিছে৷ গৰখপুৰৰ বি আৰ ডি হাস্পাতালৰ অক্সিজেন সমাপ্ত হোৱাৰ সময়ত নিজ প্ৰচেষ্টাত অক্সিজেন যোগান ধৰি জেল খাব লগা হোৱা ড০ কাফিল আহমেদৰ ভাতৃ কাচিফ জামালক অচিনাক্ত দুৰ্বত্তই গৰখপুৰত গুলিয়াই হত্যাৰ চেষ্টা কৰে৷ দুজন বাইকত অহা দুৰ্বৃত্তই গুলিয়াই নিৰ্বিঘ্নে আতৰি যায়৷ বৰ্তমান গৰখপুৰ হস্পিতালত মৃত্যুৰ সৈতে যুঁজিছে বুলি জানিব পৰা গৈছে।
২০১৭ চনৰ আগষ্ট মাহৰ কথা৷ উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ বি আৰ ডি হাস্পতালত আচম্বিতে সৃষ্টি হৈছিল বিভীষিকাৰ। হাস্পতালখন পৰ্যবসিত হৈছিল যমপুৰীলৈ। চৌদিশে পীড়িত শিশুৰ মৰণকাতৰ ক্ৰন্দন, অভিভাৱকৰ আৰ্তনাদৰ মাজতে এগৰাকী চিকিৎসকে ভগৱান হৈ পৰিছিল ৰোগী আৰু অভিভাৱকৰ বাবে৷