কোকৰাঝাৰঃ কোকৰাঝাৰৰ জিলাৰ চিম্বৰগাঁও এলেকাৰ পৰা আৰক্ষী আৰু সেনাই এক গোপন সূত্ৰৰ পম খেদি আদিৱাসী ড্ৰেগন ফাইটাৰৰ অধ্যক্ষক আটক কৰিবলৈ সক্ষম হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। সেনা-আৰক্ষীৰ হাতত আটকাধীন আদিৱাসী ড্ৰেগন ফাইটাৰৰ অধ্যক্ষগৰাকীক পানবাৰীৰ সুফল হেমব্ৰম(২৭) বুলি আৰক্ষীয়ে সদৰী কৰিছে।
প্ৰাপ্ত বাতৰি অনুসৰি এক গোপন সূত্ৰৰ পম খেদি জিলাখনৰ বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুভাষ কোচৰ নেতৃত্বত আৰক্ষী আৰু ২১০ নং কোব্ৰা ৰেজিমেণ্টৰ অভিযানকাৰী দল এটাই চিম্বৰগাঁও এলেকাত কালি নিশা এক অভিযান চলায়।