নামতিঃ নিজৰ স্নেহৰ স্বামী তথা দেশৰ হকে জীৱন উৎসৰ্গা কৰি অসমৰ ইতিহাসত বিশেষ মৰ্যদা লাভ কৰা মহিয়সী নাৰী সতী জয়মতীক শিৱসাগৰ জিলাৰ নামতি চাৰিআলি খেজুৰিতল মহিলা সমাজে স্মৰণ কৰে৷ ২৭ মাৰ্চৰ দিন জয়মতী দিৱস হিচাপে পালন কৰা হয় যদিও ৩১ মার্চত দিনজোৰা কার্যসূচীৰে জয়মতী স্মৃতি দিৱস উদযাপন কৰে মহিলাসকলে। আহোমৰ তুংখুঙীয়া গোটৰ ৰাজকোঁৱৰ গদাপাণিৰ পত্নী জয়মতীক স্মৰণ কৰি বৰ্তমান সময়ত নাৰী ওপৰত হৈ অহা ধৰ্ষণ-যৌন নিৰ্যাতন ৰোধ কৰিবলৈ আজিৰ নাৰী সমাজ জয়মতীৰ দৰে মহিয়সী হ’ব লাগিব বুলি কয়৷
আনহাতে মহিলাসকলে জয়মতী নাটক মঞ্চস্থ কৰে৷ সতী জয়মতীয়ে ৰাজশক্তি উদ্ধাৰ বাবে তথা লালুক খোলাৰ স্বেচ্ছাচাৰী শাসনৰ বিৰুদ্ধে সৰৱ হৈ উঠাই নহয়, স্বেচ্ছাচাৰী লালুকখোলাৰ পৰা পৰিত্ৰাণ পাবলৈ স্বামী গদাপাণিক পলাই যাবলৈ পৰম শক্তি দিয়ে৷ জয়মতীৰ কথামতে স্বামী গদাপাণিয়ে অন্য ঠাইত আশ্ৰয় লৈ থকাৰ সময়ত অত্যাচাৰী লালুকখোলাই গদাপাণিক বিচাৰি নাপায় জয়মতীক বন্দী কৰি ৰাজদৰবাৰলৈ লৈ অহা হয়৷