গোৰেশ্বৰঃ অবিভক্ত কামৰূপ জিলাৰ গোৰেশ্বৰ অ্চলটো নাট, নৃত্য, সাহিত্য, সংস্কৃতিৰ দিশত আগবঢ়া বুলি নাম আছে৷ মেদিনী চৌধুৰীৰ দৰে প্ৰথিতযশা সাহিত্যিকৰ জন্মভুমি গোৰেশ্বৰত আজিও চৰ্চা অব্যাহত আছে নাট, নৃত্য, সাহিত্য, সংস্কৃতিৰ৷
নাট, নৃত্য অভিনয় বুলি কলে দৌৰি অহা একাংশ যুৱক যুৱতীয়ে প্ৰতিবছৰে নতুন প্ৰজন্মক উৎসাহিত কৰাৰ লক্ষ্যৰে নাট মঞ্চস্থ কৰাৰ লগতে অভিনয়ৰ প্ৰশিক্ষণ দি আহিছে৷ বাক্সা জিলাৰ গোৰেশ্বৰৰ অন্যতম নাট্যানুষ্ঠান ‘চিফং দ্য আৰ্টিষ্ট’ নামৰ অনুষ্ঠানটোৱে এই প্ৰশিক্ষণ দি আহিছে৷