নলবাৰীঃ নলবাৰীৰ গোৱালপাৰাত স্বেচ্ছাসেৱী সংগঠন তথা সাহিত্য-সাংস্কৃতিক সংগঠন ‘প্ৰজন্ম’ৰ উদ্যোগত যোৱা ১৫ আৰু ১৬ ছেপ্টেম্বৰত দুদিনীয়াকৈ অসম ভিত্তিক একাংক নাট প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। প্ৰথম দিনা নাট প্ৰতিযোগিতা খনি উদ্বোধন কৰে বোলছবি অভিনেতা দীলিপ কুমাৰ দাসে। অনুষ্ঠানত স্মৃতিগ্ৰন্থ উন্মোচন কৰে বিশিষ্ট সাংবাদিক শোণিত কুমাৰ ভূঞাই।
উক্ত অনুষ্ঠানতে অনন্ত চন্দ্ৰ ভৰালীৰ ‘মুকুতা মালা’ গ্ৰন্থখন উন্মোচন কৰে নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাই। অনুষ্ঠানৰ মঞ্চ মুকলি কৰে আই পি এছ বিষয়া তথা সমাজসেৱক আবু চুফিয়ানে।