Home ৰাজ্যপুৰণিগুদামত নাট্য সন্মিলনৰ উদ্যোগত শিশু নাট প্ৰতিযোগিতা

পুৰণিগুদামত নাট্য সন্মিলনৰ উদ্যোগত শিশু নাট প্ৰতিযোগিতা

by News Desk
54 views
A+A-
Reset

চামগুৰিঃ অসম নাট্য সন্মিলনৰ পুৰণিগুদাম শাখাৰ উদ্যোগত অহা ১০ আৰু ১১ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম শিশু নাট প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে। নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামস্থিত ড০ ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া শিশু নাট প্ৰতিযোগিতাত ১৪ বছৰ অনুৰ্ধৰ সকলো শিশু নাট্যদলত সৰ্বাধিক বাৰ গৰাকী শিশু অভিনেতাই অংশগ্ৰহণ কৰিব পাৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে৷

সদৌ অসম শিশু নাট প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ স্বৰ্গীয় ৰাম নাথ চমুৱা সোঁৱৰণী চলন্ত বঁটা সহ নগদ দহ হাজাৰ টকা আৰু মানপত্ৰ প্ৰদান কৰিব হিৰণ্য কুমাৰ চমুৱাই, দ্বিতীয় পুৰস্কাৰ স্বৰ্গীয় বানেশ্বৰ শৰ্মা সোঁৱৰণী চলন্ত বঁটা সহ নগদ সাত হাজাৰ টকা আৰু মানপত্ৰ প্ৰদান কৰিব দূৰ্লভ শৰ্মাই, তৃতীয় পুৰষ্কাৰ স্বৰ্গীয় হেমকান্ত হাজৰিকা সোঁৱৰণী চলন্ত বঁটা সহ নগদ পাঁচ হাজাৰ টকা আৰু মানপত্ৰ প্ৰদান কৰিব পুলিন হাজৰিকা, শৃংখলাবদ্ধ দলৰ পুৰস্কাৰ স্বৰ্গীয় পুলিন ফুকন সোঁৱৰণী বঁটা, নগদ তিনি হাজাৰ টকা আৰু মানপত্ৰ প্ৰদান কৰিব লুই ফুকনে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0