newsnextone.com | পশ্চিম নলবাৰীঃ অসমৰ সাংস্কৃতিক জগতৰ পুৰোধা বক্তি, বিশিষ্ট নাট্যকাৰ ,অভিনেতা পৰিচালক প্ৰয়াত ভবেন বৰুৱাৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে অসম জাতীয়তাবাদী যুব ছাত্র পৰিষদৰ নলবাৰী সমিতিয়ে অনুষ্ঠিত কৰি অহা দশম বাৰ্ষিক ভবেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতাৰ মঙলবাৰে সফল ভাবে সামৰণি পৰে। 

অসমৰ ভিন্ন প্ৰান্তৰ ২৫ টা নাট্য দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনৰ, "তিনি আলিৰ কেকুৰীৰ প্ৰেক্ষাপট" নাটখনে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰে। নাটৰ ফলাফল অনুসৰি শ্ৰেষ্ঠ নাট্যদল ‘তিনি আলিৰ কেকুৰীৰ প্ৰেক্ষাপট’, সমন্বয় ক্ষেত্র ,নলবাৰী, দ্বিতীয় শ্ৰেষ্ঠ নাট্যদল ‘কি যে খেলি মেলি’ ,মূৰ্চনা, বিশ্বনাথ চাৰিআলি আৰু তৃতীয় শ্ৰেষ্ঠনাট দল ‘ৰজা ৰানীৰ খেল’, অনাথ বিকাশ কেন্দ্ৰ ,নলবাৰী।

শৃখলাবদ্ধ দল ‘লুকা ভাকু ভাল নালাগে’, দীনবন্ধু নাট গোষ্ঠী,  নলবাৰী, শ্ৰেষ্ঠ অভিনেতা গীতাৰ্থ মেধি, চৰিত্র-পোৱালী, ‘কুৰুক্ষেত্রৰ খেলি মেলি’। শ্ৰেষ্ঠ অভিনেত্রী, দলিচা, চৰিত্র-ৰাণী, ‘ৰজা ৰানীৰ খেল’, দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা আবেদ, ‘বলুকাত বালি মাহী’, অভিনেত্রী চৰিত্রমধু বলুকাত বালিমাহী। শ্ৰেষ্ঠ নাট্যকাৰ কৃষ্ণ ভূঞা, কলা নিৰ্দ্দেশক পংকজ শৰ্মা, শ্ৰেষ্ঠ কৌতুক অভিনেতা কৌস্তভ ভৰদ্বাজ, শ্ৰষ্ঠ ৰূপ সজ্জা গুৰু দক্ষিণা, সংগীত পৰিচালক-নিবেদিতা বৰুৱা, পোহৰ নিৰ্দ্দেশক হৰেকৃষ্ণ ডেকা, শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে শতদল বৈশ্যই।