নগাঁওঃ নগাঁও জিলাৰ সাংস্কৃতিক তথা সামাজিক উত্তৰণৰ লক্ষ্য আগত ৰাখি ২০১৬ বর্ষত আত্মপ্রকাশ কৰা ‘হেঁপাহ’ৰ উদ্যোগত তথা অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত আগন্তুক গ্ৰীষ্মকালীন বন্ধৰ লগত সংগতি ৰাখি ৬ জুলাইৰ পৰা ১৬ জুলাইলৈ দ্বিতীয় বার্ষিক এঘাৰ দিনীয়া এখনি নাট্য কর্মশালাৰ আয়োজন কৰা হৈছে।
সত্রীয়া সংস্কৃতিৰ কেন্দ্রস্থল স্বৰূপ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ এখন সংস্কৃতিবান গাঁও কুজীডাঁহৰ কুজীডাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্রেক্ষাগৃহত অনুষ্ঠিত হ’ব লগা ১২ বছৰ উর্ধৰ সকলৰ বাবে মুকলি এই কর্মশালাত অংশগ্রহণৰ প্র-পত্র আৰবিবুকচ (কুজীডাঁহ), পাটকাই বুকচ্ (জামুগুৰি) তথা সাৰথি বুক ষ্টল (জাজৰি)ত উপলব্ধ বুলি ‘হেঁপাহ’ৰ উদ্যোক্তাসকলে জানিবলৈ দিয়ে।