লক্ষ্নৌঃ অনিল কাপুৰৰ নায়ক চিনেমাখন যদি চাইছে, তেন্তে ছবিখনত এদিনৰ বাবে মুখ্যমন্ত্ৰী হোৱা নায়কজন নিশ্চয়কৈ মনত আছে। ঠিক একে কায়দাৰেই যেন চলিছে উত্তৰপ্ৰদেশৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ চৰকাৰ। ধুমুহাৰ বেগেৰে সিদ্ধান্ত লৈছে যোগীৰ চৰকাৰে। ক’ৰবাত যদি যোগীৰ আকস্মিক সাক্ষাতেৰে চৰকাৰী কৰ্মচাৰীৰ থৰ্কা-চুটি হেৰাইছে, ক’ৰবাত তাৎক্ষণিকভাৱে বহিস্কাৰ কৰিছে কোনোবা বিষয়াক। 

এইবাৰৰ নতুন ধামাকাটো উত্তৰ প্ৰদেশৰ চৰকাৰৰ কৰ্মচাৰীৰ বেয়া খবৰ আনিছে। বৃদ্ধি কৰা হ’ব পাৰে চৰকাৰী কৰ্মচাৰীৰ কামৰ সময়৷ যদিহে নিৰ্ধাৰিত সময় অনুসৰি কাম নকৰে চাকৰি পৰ্যন্ত এৰিবলৈ সাজু থাকিব লাগিব কৰ্মচাৰীসকলে৷ দেওবাৰে এই কথা ঘোষণা কৰিছে যোগীয়ে।

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে ১৮ ৰপৰা ২০ ঘন্টা পৰ্যন্ত কাম কৰিবলৈ সাজু থাকিব লাগিব বুলি কয় মুখ্যমন্ত্ৰীজনে৷ তদুপৰি চৰকাৰী আঁচনিসমুহ ৰূপায়নৰ ক্ষেত্ৰত কোনো ধৰণৰ অৱহেলা সহ্য কৰা নহ’ব বুলিও স্পষ্ট কৰি দিয়ে মুখ্য মন্ত্ৰীজনে৷ 

যোগী আদিত্যনাথৰ কাৰ্যকালতে এতিয়ালৈ ৪৪ জন আৰক্ষী বহিষ্কাৰ কৰা হৈছে আৰু ৬৬ জনক শাস্তিমুলক বহিষ্কাৰ কৰা হৈছিল৷ ১৫০ ঘন্টাৰ ভিতৰত এতিয়ালৈ ৫০ টা এনে ধৰণৰ সিদ্ধান্তৰে সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে আদিত্যনাথে৷

এন্টি ৰোমিও স্কোৱাড, অবৈধ কাচাইখানাৰ ওপৰত নিষেধাজ্ঞা, মানসসৰোবৰ যাত্ৰাৰ বাবে ১ লাখ পৰ্যন্ত অনুদান ইত্যাদি ঘোষণাৰে যোগীৰ নাম সকলোৰে মুখে মুখে।