বান্দৰমাৰীঃ পানীয়ে প্ৰাণীৰ প্ৰাণ। এই কথাষাৰ হয় সভা-সমিতিত শুনিছে, নহয় পাঠ্যপুথিত আপুনি নিশ্চয় পঢ়িছে। বিশুদ্ধ পানী মানৱ জীৱনৰ বাবে প্ৰাণ স্বৰূপ৷
বহু দেশত খোৱা পানীৰ সমস্যাই জ্বলন্ত সমস্যা হৈ দেখা দিছে। খোৱা পানীৰ অভাৱত বিভিন্ন ঠাইত নিতৌ নতুন অঘটন ঘটাটো যেন স্বাভাৱিক হৈ পৰিছে। ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ তথ্য অনুসৰি পানীৰ স্তৰ ইমানেই তললৈ গৈছে যে ২০২৫ চনলৈ ভাৰত আৰু চীনৰ নিচিনা জনবহুল দেশৰ মাজত বিশ্বযুদ্ধৰ মূল কাৰণ হ’ব পাৰে খোৱাপানী।