ডিজিটেল ডেস্কঃ প্ৰতিবছৰে ঘন কুঁৱলি, লাইনচ্যুত হৈ ৰেল দুৰ্ঘটনাত পতিত হয়৷ ফলত শ-শ লোকৰ মৃত্যু হয়৷ বিভিন্ন সময়ত ৰেল লাইনৰ বিজুতিৰ বাবে ৰেল দুৰ্ঘটনাত পতিত হৈ বহু লোকৰ মৃত্যু হয়৷ দুৰ্ঘটনা ৰোধ কৰিবৰ বাবে ভাৰতীয় ৰেল বিভাগে হাতত লৈছে বিশেষ পদক্ষেপ৷
২০১৭ বৰ্ষতে কেইবাটাওঁ ভয়াবহ ৰেল দুৰ্ঘটনাত বহু লোকৰ মৃত্যু হোৱাত চিন্তিত ৰেল বিভাগে ৰেল সুৰক্ষিত কৰিবৰ বাবে ড্ৰোন ব্যৱহাৰ কৰিব৷ ৰেলৰ ট্ৰেকৰ পৰীক্ষণ আৰু যাত্ৰীৰ ভিৰ পৰ্যবেক্ষণ কৰিব ড্ৰোনেৰে৷ ৰেল দপ্তৰে এৰ বিবৃতি যোগে ড্ৰোন ব্যৱহাৰৰ নিৰ্দেশ দিয়া বুলি প্ৰকাশ কৰে৷