ডিফুঃ দ্বাদশ কাৰ্বি পৰিষদীয় নিৰ্বাচনত আইন-শৃংখলা পৰিস্থিতি সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিবলৈ কাৰ্বি আংলং জিলা আৰক্ষী প্ৰশাসনে আজি ডিফু ক্লাৱৰ পৰা এটি ড্ৰ'নৰ সফল পৰীক্ষণ কৰে৷

২০০ মিটাৰ উচ্চতালৈ উৰিব পৰা ক্ষমতা সম্পন্ন উক্ত ড্ৰ'নে চতুৰ্দিশে ২ কিলোমিটাৰ দূৰত্বলৈকে ১ কিলোমিটাৰ এলেকা জুম কৰি ফটো সংগ্ৰহ কৰাৰ লগতে আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰিব৷

কাৰ্বি পৰিষদীয় নিৰ্বাচনক লৈ ২৬ সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ পিছত আৰক্ষী প্ৰশাসনৰ এনে ড্ৰ'ন পৰীক্ষণে বিশেষ তাৎপৰ্য বহন কৰিছে ৷

আনহাতে কাৰ্বি আংলং জিলাৰ নতুন আৰক্ষী অধীক্ষক হিচাপে ডঃ শিৱ প্ৰসাদ গাঞ্জালাই দায়িত্ব গ্ৰহণ কৰাৰ পিছত জিলা আৰক্ষীক সক্ৰিয় আৰু সষ্টম কৰিবলৈ নিতৌ ঢাল-কৱচেৰে সু-সজ্জিত কৰি ড্ৰীল কৰোৱাটো এক শুভ লক্ষণ হিচাপে বিবেচিত হৈছে।