newsnextone.com। লিডুঃ তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত ৩নং উদয়পুৰ তিনিমাইলৰ পৰা লেখাপানী আৰক্ষীয়ে ব্ৰাউন চুগাৰ সহ এজন যুৱকক আটক কৰে। আটকাধীন যুৱকজনৰ নাম প্ৰেম সোনাৰ (৩৮)বুলি জানিব পৰা গৈছে ৷

ধৃত যুৱক জনৰ পৰা আৰক্ষীয়ে প্ৰায় ৩৪·৭৩ গ্ৰাম পৰিমানৰ ব্ৰাউন চুগাৰ জব্দ কৰে৷ জানিব পৰা মতে, প্ৰেম সোনাৰ নামৰ যুৱকজনে জাগুন উদয়পুৰ তিনিমাইলৰ পৰা উদয়পুৰৰ একাংশ গাঁৱৰ মাজত ড্ৰাগছ খিনি সৰবৰাহ কৰিবলৈ যোৱাৰ অৱস্থাতে লেখাপানী আৰক্ষীয়ে পম খেদি যুৱক জনক আটক কৰিবলৈ সক্ষম হয় ৷

ইফালে, জাগুনৰ নিবাসী ধাকাল উপাধিৰ এজন ড্ৰাগছ ব্যৱসায়ীৰ পৰা যুৱকজনে বুধবাৰে নিশা ড্ৰাগছখিনি ক্ৰয় কৰা কথা ইতিমধ্যে সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰিছে ৷ 

উল্লেখ্য যে, বিগত সুদীৰ্ঘ দিন ধৰি লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত ভিতৰুৱা গ্ৰামাঞ্চল সমূহত ড্ৰাগছ-কানিৰ ৰমৰমীয়া ব্যৱসায়ে এক গুৰুতৰ ৰূপ ধাৰণ কৰি আহিছিল ৷

আৰক্ষী প্ৰশাসনে বিগত সময়তো এলেকাটোত অভিযান চলাই বহু কেইগৰাকী ড্ৰাগছ,কানি ব্যৱসায়ীক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰি আহিছে যদিও হ্ৰাস পোৱা নাই নিচাজাতীয় দ্ৰব্য সমূহৰ এনে ৰমৰমীয়া ব্যৱসায়৷ যাৰ পৰিণতিত এতিয়া চিন্তাম্বিত হৈ পৰিছে সচেতন মহল ৷

কিয়নো নিচাজীয় দ্ৰব্য সমূহৰ এনে মুকলি বেহাই এতিয়া এলেকাটোৰ উঠি অহা যুৱ প্ৰজন্মক তীব্ৰ ৰূপে আসক্ত কৰি তোলাৰ লগতে ধ্বংসৰ দিশলৈ থেলি দিয়া পৰিলক্ষিত হৈছে ৷