বৰনদ্দীঃ ১৯ ফেব্ৰুৱাৰী নলবাৰী জিলাৰ মুকালমুৱাত কালি পুৱতি নিশা নিচা যুক্ত দ্ৰব্যসহ চিৰাজুল ইছলাম নামৰ ব্যৱসায়ীজনক আটক কৰা হয়। 

গাড়ীত সৰবৰাহ কৰা নিচাযুক্ত দ্ৰব্যখিনিৰ লগতে আৰক্ষীয়ে দুৰ্ধৰ্ষ চিৰাজুলক গ্ৰেপ্তাৰ কৰে৷ 

ভাৰপ্ৰাপ্ত বিষয়া জয়ন্ত বৰ্মনৰ অভিযানত নিশা আটক কৰা হয় ব্যৱসায়ীজন। আনহাতে,পূৰ্বেও কেইবাবাৰো কাৰাবাস খাটিছিল চিৰাজুলে বুলি জানিব পৰা গৈছে৷