লংকাঃ ৰণক্ষেত্ৰলৈ পৰিণত হল লংকা চহৰ৷ সুৰাপায়ীৰ দাৰ আক্ৰমণত গুৰুত্বৰ ভাৱে আহত হৈ মাটিত ঢলি পৰিল ব্যৱসায়ী৷ শনিবাৰে লংকাৰ ষ্টেচনৰ সমীপত সুৰাকেন্দ্ৰীক সংঘাতৰ ফলত সংঘটিত হ’ল এক লোমহৰ্ষক ঘটনা৷ ঘটনাৰ বিৱৰণী অনুসৰি, লংকা ৰেল ষ্টেচনৰ সমীপত আৰক্ষী প্ৰশাসনৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ কাঠফুলাৰ দৰে গঢ় উঠা একাংশ সুৰা দোকানত প্ৰায়ে একাংশ সুৰাপায়ীয়ে সৃষ্টি কৰি আহিছিল উদভণ্ডালী৷
শনিবাৰে যেন এনে উদভণ্ডালীয়ে ললে চূড়ান্ত ৰূপ৷ সুৰাৰ ৰাগীত মাতাল হৈ থকা সুৰাপায়ীজন প্ৰথমে তৰ্কা তৰ্কিত লিপ্ত হৈছিল ব্যৱসায় বিকু দাসৰ সৈতে৷ আৰু অৱশেষত এই তৰ্কা তৰ্কিয়ে ললে চূড়ান্ত ৰূপ৷ সুৰাপায়ীৰ দাৰ আক্ৰমণত গুৰুত্বৰ ভাৱে আহত হৈ ৰাজপথৰ কাষত অসহায় হৈ পৰি ৰ’ল ব্যবসায়ী বিকু দাস৷ মূহুৰ্তৰ ভিতৰত পৰিস্থিতি উত্তপ্ত হৈ পৰে৷