ডিব্ৰুগড় বিশ্ববিদ্যালয়ঃ মিচিং জনগোষ্ঠীয়ে বুধবাৰে ৰাজ্যজুৰি আলি-আয়েঃ-লৃগাং উৎসৱ পালন কৰে৷ পৰম্পৰাগত ভাৱে জনগোষ্ঠীৰটোৰ লোকসকলে আলি-আয়েঃ-লৃগাং উৎসৱ পালন কৰে৷ আলি-আয়েঃ-লৃগাং’ হ’ল মিচিং জনগোষ্ঠীৰ মূল কৃষিভিত্তিক উৎসৱ৷ এই উৎসৱ পালন কৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে৷ বৰ অসমৰ অন্যতম ভূমিপুত্ৰ মিচিংসকলে বুধবাৰে পুৱাৰে পৰা ব্যাপক উলাহ মালহেৰে পালন কৰিছে আলি-আয়েঃ-লৃগাং উৎসৱ৷ উজনি-নামনি, বৰাক উপত্যকাত সিঁচৰিত হৈ থকা জনগোষ্ঠীটোৰ লোকসকলে পৰম্পৰা অনুযায়ী এই উৎসৱ পালন কৰে৷
