ডিব্ৰুগড় বিশ্ববিদ্যালয়ঃ ৰাজ্যৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভা আৰু আছুৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় গোটৰ উদ্যোগত শুকুৰবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ মুকলি প্ৰাংগনত ‘বাগ বৈদগ্ধ্য’ নামৰ এখন তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। প্ৰয়াত শিক্ষাবিদ কবীন ফুকনৰ সোঁৱৰণত অনুষ্ঠিত ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃবিভাগ আৰু আন্তঃকেন্দ্ৰ তৰ্ক প্ৰতিযোগিতা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ প্ৰাধ্যাপক ড০ ৰাজীৱ সন্দিকৈৰ অধ্যক্ষতাত অনুষ্ঠিত।
সদনৰ মতে ’ভাৰতবৰ্ষৰ উচ্চ শিক্ষা ব্যৱস্থাত Choice Base Credit System অৰ্থাৎ CBCSৰ প্ৰয়োগে ছাত্ৰ-ছাত্ৰীৰ দক্ষতা বৃদ্ধিৰ লগতে উচ্চ শিক্ষাৰ মান উন্নীত কৰিব’ শীৰ্ষক বিষয় সন্দৰ্ভত অনুষ্ঠিত তৰ্ক প্ৰতিযোগিতাত ৩৭ গৰাকী তাৰ্কিকে যুক্তি যুদ্ধ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত অধ্যাপনাৰে প্ৰয়াত কবীন্দ্ৰনাথ ফুকনে পবিত্ৰ সেৱা আগবঢ়াই গ’ল, সেইগৰাকী মহিৰূহৰ সোঁৱৰণত আয়োজন কৰা তৰ্ককলা অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে CBCSৰ দৰে এটা গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিষয়ত যুক্তি-তৰ্কৰে মতামত দাঙি ধৰাই নহয়, এক অভূতপূৰ্ব সঁহাৰিৰে এক নতুন দিগন্তৰ সূচনা কৰাৰ লগতে ইতিহাস ৰচিবলৈ সক্ষম হয়।