ডিজিটেল ডেস্কঃ জেট বিমান ডুবাইৰ পৰা মুম্বাই অভিমুখে নিশা ৯-৩০ বজাত উৰা মাৰিব শ্ৰীদেৱীৰ নশ্বৰ দেহ লৈ৷ আশা কৰে মতে পুৱাই ৩ বজাত মুম্বাই আহি পাব মুম্বাই৷ সোমবাৰে পুৱা ৭-১০ বজালৈকে শ্ৰদ্ধাঞ্জলি যাচিব বহু লোকে৷ তাৰ পিছত পাৰ্লিৰ পৱনহংস শ্মশানত দিনৰ এক বজাত অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব৷Khaleej Timesৰ টুইট মতে ব্যক্তিগত জেট বিমানেৰে অভিনেত্ৰী শ্ৰীদেৱীৰ নশ্বৰদেহ মুম্বাইলৈ অনা হ’ব৷ ইতিমধ্য মৰণোত্তৰ পৰীক্ষা সমাপ্ত হৈছে ডুবাইৰ চিকিৎসালয়ত৷ মৃত্যুৰ প্ৰমাণ পত্ৰৰ বাবে ৰৈ থকা হৈছে৷
আনহাতে, বলিউডৰ অভিনেতা-অভিনেত্ৰী, প্ৰযোজক ভৰি পৰে মুম্বাইৰ বনি কাপুৰৰ গৃহত৷ সোমবাৰে মুম্বাইত অগণন লোকৰ উপস্থিতিত অন্তিম শ্ৰদ্ধা যাচিব আৰু সৎকাৰ কৰা হ’ব৷ ইতিমধ্যে মুম্বাইৰ পৰা উৰা মাৰিছে জেট বিমান৷ সুত্ৰৰ খবৰ মতে, মুম্বাইৰ পৰা যোৱা জেট বিমান নিশা ৮ বজাত ডুবাইৰ পৰা নশ্বৰদেহ লৈ মুম্বাই অভিমুখে উৰা মাৰিব৷