63
লক্ষৌঃ অকল বি জে পিয়েহে হিন্দুত্বৰ ৰাজনীতি কৰিব পাৰে নেকি? গেৰুৱা দলটোৱে বিকাশ আৰু দুৰ্নীতিৰ শ্ল’গানেৰে ২০১৪ৰ লোকসভাৰ নিৰ্বাচনত বিপুল সংখ্যাগৰিষ্ঠতাত জয়লাভ কৰি পৰৱৰ্তী সময়ত হিন্দুত্ববাদৰ এজেণ্ডাহে আগবঢ়াই লৈ যোৱা পৰিলক্ষিত হ’ল৷
ধৰ্মৰ ক্ষেত্ৰত অতি আবেগিক ভাৰতীয় ভোটাৰক বি জে পিয়ে মোহাচ্ছন্ন কৰি ৰাখিব পৰা দেখি এতিয়া একেই হিন্দুত্বৰ কাৰ্ডখন খেলিবলৈ লৈছে কংগ্ৰেছে৷