প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

শিৱসাগৰঃ শিৱসাগৰ জিলাৰ কালুগাঁৱত অনুষ্ঠিত হ’ব দিহা নাম প্ৰতিযোগিতা৷ আগন্তুক বৰ্ষৰ ৬ অাৰু ৭ জানুৱাৰীত কালুগাঁও শ্ৰীশ্ৰী কৃষ্ণ ৰাস উদযাপন সমিতিয়ে মহিলাৰ দিহা নাম প্ৰতিযোগিতা অনুষ্ঠিত কৰিব।

প্ৰতিযোগিতাৰ প্ৰথম পুৰ্স্কাৰ ১০০০০ টকা, দ্বিতীয়-৭০০০ অাৰু তৃতীয়-৫০০০টকা প্ৰদান কৰা হ’ব বুলি কালুগাঁও শ্ৰীশ্ৰী কৃষ্ণ ৰাস উদযাপন সমিতিয়ে জানিবলৈ দিয়ে৷ প্ৰতিযোগিতাৰ অংশগ্ৰহণৰ মাচুল ৮০০টকা ধাৰ্য কৰা হৈছে। ইচ্ছুক দিহা নাম দলে ৯৪৩৫০৫৮২০৫, ৯৮৫৯৩১৯২৮১ মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব৷