দুলীয়াজানঃ ছাত্ৰ নেতাৰ নিকৃষ্ট কাণ্ডৰ বাবে লজ্জানত হ’ল তৈলনগৰী দুলীয়াজান৷ তৈল নগৰী নামেৰে খ্যাত দেশৰ আৰ্থিক দিশ টনকিয়াল কৰাত অৰিহণা যোগায় অহা দুলীয়াজানৰ এক সুকীয়া ঐতিহ্য আছে৷ যাৰ বাবে আজিও গৌৰাৱান্বিত দুলীয়াজানৰ প্ৰতিগৰাকীলোক৷ কিন্তু এই ঐতিহ্য, গৰিমাত কলংক সানিলে এগৰাকী ছাত্ৰ নেতাই৷ 

ৰাজ্যত এতিয়া মহাবিদ্যালয়সমূহত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ বতাহ বলিছে৷ বিভিন্ন দলৰ ভাতৃ সংগঠন তথা ছাত্ৰ সংগঠনৰ মহাবিদ্যালয় শাখাই উঠিপৰি লাগিছে ছাত্ৰ একতা সভাৰ নিৰ্বাচনক লৈ৷

মৰাণ মহাবিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ একতা সভাৰ নিৰ্বাচনত একাংশ প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ এটি জাতীয় সংগঠনে মৰাণ মহাবিদ্যালয়ৰ একাংশ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বাতিল কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে ছাত্ৰ একতা সভাৰ নিৰ্বাচনকলৈ উত্তাল হৈ পৰিছিল দুলীয়াজান মহাবিদ্যালয় চৌহদ৷ 

ৰাজ্যৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান ঐতিহ্যমণ্ডিত দুলীয়াজানত মহাবিদ্যালয় আজি নিৰ্বাচন কেন্দ্ৰিক অৰিয়া-অৰিৰ বাবে উত্তপ্ত হৈ পৰে৷ এটি ছাত্ৰ সংগঠনে আনটো সংগঠনৰ বিৰুদ্ধে অভিযোগ-প্ৰতি অভিযোগ উত্থাপন কৰে৷ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলত বিসংগতি হোৱা বুলিও অভিযোগ কৰে একাংশ ছাত্ৰই। 

ইয়াৰ মাজতে একাংশ মহাবিদ্যালয়ৰ ছাত্ৰীয়ে বিসংগতিৰে মনোনয়ন পত্ৰ দাখিল কৰা কাৰ্যৰ বিৰোধিতা কৰিবলৈ যোৱাৰ সময়তে ৰাজ্যৰ এটি জাতীয় সংগঠনৰ ছাত্ৰ নেতাই একাংশ ছাত্ৰীক অশ্লীল ইংগিত দিয়া বুলি অভিযোগ উত্থাপিত হৈছে৷ এই অভিযোগ উত্থাপন হোৱাৰ লগে লগে হুলুস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয় সমগ্ৰ দুলীয়াজানত৷ 

একাংশ ছাত্ৰীক অশালীন ইংগিত দিয়া বুলি অভিযোগ উত্থাপন হোৱাৰ পাছতে শ শ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদেৰে মুখৰিত হৈ পৰে মহাবিদ্যালয় চৌহদ৷ ছাত্ৰ নেতাগৰাকীক শাস্তি তথা বিহিত ব্যৱস্থা লোৱাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে মহাবিদ্যালয়খনৰ একাংশ ছাত্ৰই। মহাবিদ্যালয়খনৰ অধ্যক্ষৰ কাৰ্যালয়ৰ সন্মুখত ছাত্ৰ-নেতাজনক বহিষ্কাৰ কৰাৰ লগতে উচিত শাস্তি প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷ 

মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই বিহিত ব্যৱস্থা নোলোৱাত একাংশ ছাত্ৰীয়ে থানাত ছাত্ৰ নেতা কুন্দল হাজৰিকা বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷ ছাত্ৰ নেতাজনে ছাত্ৰীসকলক উদ্দেশ্যি ‘তহঁতক পেলাই পেলাই XXX’ বুলি অশ্লীল মন্তব্য কৰিছিল বুলি জানিব পৰা গৈছে৷