36
নগাঁওঃ প্ৰধানমন্ত্ৰীৰ নতুন মুদ্ৰানীতিৰ ৫০০ আৰু ২০০০ টকীয়া নোটৰ জালনোট এতিয়া উপলব্ধ হৈছে বজাৰত৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত জালনোট আৰু সৰবৰাহকাৰী আটক হোৱাৰ সময়তে আজি নগাঁও চহৰত এজন জালনোট সৰবৰাহী সহ বুজন পৰিমাণৰ জালনোট জব্দ হয়৷
কেন্দ্ৰীয় আবকাৰী বিভাগৰ এটা দলে গোপনে অভিযান চলাই নগাঁৱৰ নেহৰুবালিৰ পৰা ৫০০ আৰু ২০০০ টকীয়া নোটৰ ১,৫১,৫০০ টকাৰ জালনোট জব্দ কৰিবলৈ সক্ষম হয়৷