64
তেজপুৰঃ শোনিতপুৰ জিলাৰ ডেকাৰগাঁৱৰ দুৰ্গা পূজা সমিতিয়ে এইবাৰ দুৰ্গা মাক সজাইছে শুৱালকুচিৰ পৰা অনা ২৫ হাজাৰ টকীয়া অসমীয়া পাটৰ সাজেৰে।
৬৫ সংখ্যক তেজপুৰ ডেকাৰগাঁও দুৰ্গা পূজা সমিতিয়ে এইবেলি দেৱী দুৰ্গা, সৰস্বতী, লক্ষ্মীক শুৱালকুচিৰ বগা, ৰঙা আৰু নীলা ৰঙৰ পাটৰ চাদৰ মেখেলা পিন্ধোৱাৰ লগতে কাৰ্তিক আৰু গণেশৰ মূৰ্ত্তিকো অসমীয়া ধূতি গামোচা পৰিধান কৰোৱা দেখা গৈছে।