শুক্লাইঃ শৰতৰ ভাল লগা দিনবোৰ যেন দুৱাৰমুখত। স্মৃতিৰ ৰহঘৰত আকৌ সৃষ্টি হ’ব এটি নতুন গানৰ। শৰৎ যেন এক ন মিঠা আলোড়ন। গ্ৰীষ্মৰ উত্তাপ আঁতৰাই আহিনৰ মিঠা পৰশ সানিবলৈ শৰতৰ আগমন। শুভ্ৰ শেৱালিৰ বুকুত পুৱাৰ কাঁচলি ৰ’দজাক জিলিকি উঠে। 

শৰৎ আৰু শেৱালীৰ দুয়োৰ যেন এক মধুৰ সম্পৰ্ক। শৰতৰ আগমনত প্ৰকৃতিয়ে যেন নতুনলৈ বাগৰ সলায়। সকলোতে হেপাঁহৰ ৰাগী লাগে। বিভোৰ স্বপ্নত সকলো উদগ্ৰীৱ হৈ পৰে। সৃষ্টিত এক নতুন উদ্যম দি এক অস্মৰণীয় ক্ষণ। শাৰদী ৰাণীক আদৰিবলৈ সকলো সাজু হৈছে। 

আহুলি মুৰত গনি চাবলৈ শাৰদীয় দুৰ্গোৎসৱলৈ মাজত আৰু সময় নাই৷ ৰাজ্যৰ চৌপাশৰ পৰিৱেশ এতিয়া উখল মাখল। চাৰিওফালে পূজাৰ ব্যস্ততা। দোকানত বিৰ দি বাট নোপোৱা অৱস্থা৷ দুৰ্গা থলী সমূহো এতিয়া লোকে লোকাৰণ্য। সকলো পূজা সমিতিৰ এতিয়া ব্যস্ততাৰ অন্ত নাই। শেষ প্ৰস্তুতিত সকলো ব্যস্ত হৈ পৰা দেখা গৈছে৷ 

ওদালগুৰি জিলাৰ ডিমাকুছি বাৰোৱাৰী দুৰ্গা পূজাও পিছ পৰি ৰোৱা নাই এই ক্ষেত্ৰত৷ কমল কুমাৰ তামাং আৰু সঞ্জিত সৰকাৰৰ নেতৃত্বত গঠিত দুৰ্গা পূজা সমিতিয়ে দিন ৰাতি একাকাৰ কৰি লাগি পৰিছে জাক জমকতাৰে পূজা ভাগ অনুষ্ঠিত কৰিবৰ বাবে। দুৰ্গা পূজাস্থলীত অনুষ্ঠিত হৈছে আটকধুনীয়া বানিজ্য মেলাৰ। ইতিমধ্যে ৬০ বছৰত ভৰি দিছে ডিমাকুছি দুৰ্গা পূজা সমিতিয়ে।