ওদালগুৰিঃ শাৰদীয়া দূৰ্গোৎসৱলৈ মাজত মাথো এটা দিন৷ অৰ্থাৎ কাইলৈ ষষ্ঠী পূজা। সমগ্ৰ ৰাজ্যৰ লগতে ওদালগুৰিতো চলিছে দূৰ্গোৎসৱৰ ব্যাপক উৎসাহ-উদ্দীপনা। পূজাৰ বজাৰত দেখা গৈছে গ্ৰাহকৰ লানি নিছিগা সোত।
চহৰখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় কুৰিৰো অধিক পূজা মণ্ডপৰ লগতে পূজা সমিতি সমূহ ইতিমধ্যে সাজু হৈ পৰিছে দুৰ্গতিনাশিনী মা দুৰ্গাৰ শ্ৰীচৰণত পূজা অৰ্পনৰ উদ্দেশ্যে। আটকধুনীয়াকৈ সজাই তোলা হৈছে পূজামণ্ডপসমূহ। ক’ৰবাত যদি হেলিকপ্তাৰ আন ক‘ৰবাত সম্পূৰ্ণ বৈদিক পৰম্পৰাৰে নিৰ্মাণ কৰি তোলা হৈছে পূজা মণ্ডপসমূহ।