তামুলপুৰঃ বিটিএডিৰ চাৰিখন জিলাত দুৰ্গা পূজা উদযাপনৰ প্ৰস্তুতি প্ৰায় সম্পুৰ্ণ হৈ উঠিছে৷ মৃন্ময় মুৰ্তি সমূহত শেষ পৰশ দি আটক-ধুনীয়া কৰি তুলিছে শিল্পীসকলে৷ বিটিএডিৰ প্ৰতিখন পূজা মণ্ডপত প্ৰশাসনেও চোকা নজৰ ৰখা পৰিলক্ষি হৈছে৷ বিটিএডিৰ বাক্সা জিলা তামুলপুৰ মহকুমাৰ অন্তৰ্গত তামুলপুৰ আঞ্চলিক দুৰ্গা পূজা উৎসৱে এই বেলি ৫০ বছৰত ভৰি দিলে৷
৫০ বছৰত ভৰি দিয়া তামুলপুৰ দুৰ্গা পূজা উৎসৱক এইবেলি সোণালী জয়ন্তী উৎসৱ হিচাপে পালন কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ ২১ চেপ্তেম্বৰৰ পৰা ৩০ চেপ্তেম্বৰলৈ ১০ দিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে অনুষ্ঠিত হ’বলগীয়া সোণালী জয়ন্তী দুৰ্গা পূজাৰ দেবেন বড়োক সভাপতি সুশান্ত ৰামচিয়াৰীক সম্পাদক হিচাপে লৈ পৰিচালনা সমিতি গঠন কৰা হৈছে৷ কাৰ্যসূচী অনুসৰি ২১ চেপ্তেম্বৰত দুৰ্গা দেৱীৰ নৱৰাত্ৰি পূজা আৰম্ভ হ’ব৷