কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাত দ্বিশতাধিক পূজা মণ্ডপে আলোকসজ্জাৰে আলোকিত কৰি পূজাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। কোকৰাঝাৰ আৱৰ্ত ভৱনৰ সন্মুখৰ গৌড়নগৰ সাৰ্বজনীন দূৰ্গাপূজাৰ এইবেলি স্বৰ্ণ জয়ন্তী বৰ্ষ উপলক্ষে আয়োজক সমিতিয়ে এইবেলি ব্যাতিক্ৰমী ৰূপত পূজা মণ্ডপ সজাই তুলিছে।
বনাঞ্চল ধ্বংস ৰোধ কৰি প্ৰকৃতি চিৰসেউজ কৰি পৃথিৱী ৰক্ষা কৰক থীমেৰে আটকধুনীয়াকৈ সজোৱা মঞ্চই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। দশভূজা দেৱী দূৰ্গাই হাতেৰে বন্যপ্ৰাণীসমুহ দাঙি ধৰিছে আৰু নিজৰ কেশ বিন্যাস গছৰ পাতেৰে সজ্জিত কৰিছে। সেউজ পৃথিৱীৰ ওপৰত বহি বনধ্বংস ৰোধ কৰিবলৈ দেৱী দুৰ্গাই আহ্বান জনোৱাটো প্ৰতীকি অৰ্থত তুলি ধৰাৰ লগতে মণ্ডপ চৌহদতে গছ কাটিলে তেজ বাহিৰ হোৱাটো প্ৰতীকি অৰ্থত দেখুওৱা হৈছে।