ডিজিটেল ডেস্ক |নগাঁওঃ শাৰদীয় দূৰ্গা পূজা উপলক্ষে কৃত্ৰিম ৰঙেৰে প্ৰস্তুত কৰা বিভিন্ন তৰহৰ ৰংচঙীয়া মিঠাই তথা অন্যান্য খাদ্য সামগ্ৰীয়ে মানুহৰ জীৱনলৈ চৰম ভাবুকি কঢ়িয়াই আনিব পাৰে৷ কাৰণ, গ্ৰাহকক সহজে আকৰ্ষিত কৰিবৰ কাৰণেই এচাম অসৎ চৰিত্ৰৰ ব্যৱসায়ীয়ে নানা প্ৰকাৰৰ শৰীৰৰ অনিষ্টকাৰী কেমিকেল ব্যৱহাৰ কৰি ৰংচঙীয়াকৈ আৰু লোভনীয় ৰূপত নগাঁও জিলাত হৰেক ৰকমৰ মিঠাই প্ৰস্তুত কৰিছে বুলি জানিব পৰা গৈছে৷ তদুপৰি এই মিঠাইবোৰ জিলাখনৰ পূজাস্থলীসমূহত সম্পূৰ্ণ মুকলিকৈ অস্বাস্থ্যকৰ পৰিবেশত বিক্ৰী কৰি থকা দৃষ্টিগোচৰ হৈছে৷
উল্লেখ্যযোগ্য যে জিলা খাদ্য পৰিদৰ্শকে আন সময়ৰ উপৰি ঘাইকৈ পূজাৰ বতৰত খাদ্য সামগ্ৰী তৈয়াৰ কৰা উদ্যোগ তথা দোকানবোৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে যদিও তাকে নকৰি ৰহস্যজনকভাৱে এই সময়ছোৱাত কাৰ্যালয়তে বহি দায়িত্ব সামৰাৰ অভিযোগ উঠিছে৷ অভিযোগ মতে, খাদ্য পৰিদৰ্শকৰ চৰম অৱহেলা আৰু আওকণীয়া মনোভাৱৰ সুযোগ লৈ একাংশ ধূৰ্ত ব্যৱসায়ীয়ে নিম্ন মানৰ বস্তু-সামগ্ৰীৰে কৃত্ৰিম ৰং মিহলাই জেলেপী, বুণ্ডিয়া, নিমকি, খুৰ্মা, বাতাচা, নকুল দানা আদিকে ধৰি বিভিন্ন প্ৰকাৰৰ মিঠাই আৰু অন্যান্য খাদ্য-সামগ্ৰী তৈয়াৰ কৰি গ্ৰাহকক নিবিঘ্নে বিক্ৰী কৰি আহিছে৷