newsnextoneতেজপুৰ ৭অক্টেবৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তেজপুৰতো শাৰদীয় দূৰ্গোৎসৱক লৈ ব্যাপক প্ৰস্ত্ততি ছলিছে। ইতিমধ্যে তেজপুৰত ৮০ খন দূৰ্গাপূজা সমিতিয়ে পূজা অনুষ্ঠিত কৰাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনৰ ওচৰত অনুমতি বিচাৰি আবেদন জনাইছে।
৪ অক্টোবৰত অনুস্থিত হোৱা এখন সংবাদমেল যোগে জিলাখনৰ অতিৰিক্ত উপায়ুক্ত কে.কে শৰ্মাই অনুমতি অবিহনে কোনেও দূৰ্গাপূজা অনুস্থিত কৰিব নোৱাৰিব বুলি ঘোষনা কৰে।শোণিতপুৰ জিলা প্ৰশাসনে পূজাৰ সময়চোৱা যাতে শান্তি-শৃংখলাৰ মাজেৰে পাৰ হয়,তাৰ বাবে কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু কিছুমান নীতি-নিৰ্দেশনা জাৰী কৰিছ।