ডিজিটেল ডেক্স,শোণিতপুৰ: আজি মহানৱমী।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৌল দেৱালয়ৰ লগতে শোণিতপুৰ জিলাৰ লোক্ৰা্ৰ ঐতিহাসিক দূৰ্গা পূজাত সম্পন্ন কৰা হ'ল ম'হ বলি ।
পুৰোহিতৰ মন্ত্ৰোচাৰণ আৰু মঙ্গল ধ্বনিৰে সম্পন্ন হ'ল বলি বিধান । ৪১বছৰীয়া ইতিহাসত ম'হ বলিৰে সাক্ষী হৈ ৰ'ল ঐতিহাসিক লোক্ৰা বুঢ়‍াগাওঁ সাৰ্বজনীন দূৰ্গা পূজ।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক দৰ্শনাৰ্থীৰ সম্মুখত বুধবাৰে সন্ধিয়া ৫.৩০ মান বজাত পুৰোহিতৰ মন্ত্ৰোচাৰণেৰে সম্পন্ন কৰিলে ম'হ বলি ।
ম'হ বলি দিয়াৰ লগতে আজি মহানৱমীৰ দিনা দিনটোতে উক্ত পূজা খনত মা দূৰ্গাৰ মাৰ চৰণত ভক্তসকলে আগবঢ়োৱা হাঁহ,পাৰ,ছাগলী,কুঁহিয়াৰ, কোমোৰা ৰ বলি দিয়া হয়।