ওদালগুৰিঃ ২০১৪ চনৰ ২ অক্টোবৰ গান্ধী জয়ন্তীৰ দিনটোতেই আৰম্ভণি হৈছিল নিকা ভাৰত গঢ়াৰ সপোন। নৰেন্দ্ৰ মোডীয়ে মহাত্মা গান্ধীৰ সপোনৰ ভাৰত গঢ়াৰ লক্ষ্যৰে আৰম্ভ কৰিছিল এই স্বচ্ছ ভাৰত অভিযানৰ। কিন্তু চৰকাৰে সফল কৰিব পৰা নাই গান্ধীৰ স্বচ্ছ ভাৰতৰ সপোন। তাৰেই প্ৰমাণ স্বৰূপ হৈ পৰিছে মন্ত্ৰী ৰিহণ দৈমাৰীৰ গৃহ চহৰ ওদালগুৰি৷
ওদালগুৰি নগৰ সমিতিখনৰ যেন ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত হৈছে ওদালগুৰি চহৰৰ মাজমজিয়াৰ কেইবাটাও অঞ্চল। ওদালগুৰি নগৰ সমিতিখনৰ মূখ্য কাৰ্যালয়ৰ পৰা প্ৰায় ৫০ মিটাৰ দূৰত থকা বিষ্ণুৰাভা পথত সৃষ্টি হোৱা কদৰ্যময় পৰিৱেশেই সমিতিখনৰ ফোপোলা স্বৰূপ উদঙাবলৈ যথেষ্ট৷ চহৰখনৰ জাৱৰ-জোথৰ নিষ্কাশনৰ দ্বায়িত্বত থকা ওদালগুৰি নগৰ সমিতিখনে সপ্তাহৰ পাছত সপ্তাহ ধৰি পৰিষ্কাৰ নকৰে চহৰখনৰ পেলনীয়া আৱৰ্জনা জমা হৈ থকা বিভিন্ন স্থানসমূহ।