ওদালগুৰিঃ ২০১৪ চনৰ ২ অক্টোবৰ গান্ধী জয়ন্তীৰ দিনটোতেই আৰম্ভণি হৈছিল নিকা ভাৰত গঢ়াৰ সপোন। নৰেন্দ্ৰ মোডীয়ে মহাত্মা গান্ধীৰ সপোনৰ ভাৰত গঢ়াৰ লক্ষ্যৰে আৰম্ভ কৰিছিল এই স্বচ্ছ ভাৰত অভিযানৰ। কিন্তু চৰকাৰে সফল কৰিব পৰা নাই গান্ধীৰ স্বচ্ছ ভাৰতৰ সপোন। তাৰেই প্ৰমাণ স্বৰূপ হৈ পৰিছে মন্ত্ৰী ৰিহণ দৈমাৰীৰ গৃহ চহৰ ওদালগুৰি৷ 

ওদালগুৰি নগৰ সমিতিখনৰ যেন ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত হৈছে ওদালগুৰি চহৰৰ মাজমজিয়াৰ কেইবাটাও অঞ্চল। ওদালগুৰি নগৰ সমিতিখনৰ মূখ্য কাৰ্যালয়ৰ পৰা প্ৰায় ৫০ মিটাৰ দূৰত থকা বিষ্ণুৰাভা পথত সৃষ্টি হোৱা কদৰ্যময় পৰিৱেশেই সমিতিখনৰ ফোপোলা স্বৰূপ উদঙাবলৈ যথেষ্ট৷ চহৰখনৰ জাৱৰ-জোথৰ নিষ্কাশনৰ দ্বায়িত্বত থকা ওদালগুৰি নগৰ সমিতিখনে সপ্তাহৰ পাছত সপ্তাহ ধৰি পৰিষ্কাৰ নকৰে চহৰখনৰ পেলনীয়া আৱৰ্জনা জমা হৈ থকা বিভিন্ন স্থানসমূহ। 

ফলত বিভিন্ন অঞ্চলত নাক কোচাই বা মুখত কাপোৰ লৈ পথ অতিক্ৰম কৰিবলৈ বাধ্য হয় পথাচাৰীসকল। যিসময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশখন স্বচ্ছভাৱে ৰখাৰ স্বাৰ্থত স্বচ্ছ ভাৰত মিচনৰ দৰে ঐতিহাসিক আঁচনিৰে বিভিন্ন পৰিকল্পনা হাতত লৈছে, তেনে সময়তে নগৰ সমিতিখনৰ এনে কাণ্ডই সকলোৰে চকু কপালত তুলিছে। 

উল্লেখ্য যে ওদালগুৰি চহৰৰ কেইবাটাও অঞ্চল ক্ৰমে বিষ্ণুৰাভা পথ, দৈনিক বজাৰ, বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখভাগ, ওদালগুৰি ৰেলগেট ইত্যাদি অঞ্চলসমূহ যেন এতিয়া ওদালগুৰি নগৰসমিতিখনৰ ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত হৈছে। এনে কদৰ্যময় পৰিৱেশৰ মাজতো ওদালগুৰি দৈনিক বজাৰত মুকলিকৈ বিক্ৰী হৈ আছে কটা মাছ-মাংস কিম্বা ফল-মূল, শাক-পাচলি। ফলত ইয়াৰ পৰা ভিন্ন ৰোগৰ সৃষ্টি হোৱাৰ আশংকা বৃদ্ধি পাইছে৷ 

আনহাতে নগৰসমিতিখনৰ গাতে লাগি থকা এনে কদৰ্যময় পৰিৱেশৰ দৃশ্যবোৰ দেখিও যেন চকু মুদা কুলিৰ ভাও ধৰি আছে বিয়াগোম নগৰ সমিতিখনে। আনহাতে চহৰখনৰ মাজমজিয়াত নাই কোনো ধৰণৰ ৰাজহুৱা শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰ। ফলত বিভিন্ন স্থানত অসচেতন লোকে মুকলিতে প্ৰস্ৰাৱ ত্যাগ কৰা দৃশ্যই স্বচ্ছ ভাৰতৰ শ্লোগান ধোঁৱাচাঙত পৰিণত কৰা দেখা যায়। 

নগৰসমিতিখনে সময়ে সময়ে স্বচ্ছ ভাৰত মিচনৰ বিভিন্ন আঁচনিৰ অন্তৰ্গত কাৰ্যসূচীসমূহ হাতত লয় যদিও সমিতিখনে নিজেই চহৰখনৰ ৰূপ কদৰ্যময় কৰাত অঞ্চলবাসী আৰু পদচাৰীয়ে সমিতিখনক জগৰীয়া কৰিছে। আগন্তুক সময়ত নগৰখন পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত নখৰসমিতিখনে কি ব্যৱস্থা হাতত লয় সেয়া হব লক্ষণীয়।