কোকৰাঝাৰঃ বড়োলেণ্ড বিকাশ যোজনাৰ অধীনত বিটিচি কৰ্তৃপক্ষই দৰিদ্ৰ লোকসকলক সকাহ দিয়াৰ উদ্দেশ্যে বিটিএডিৰ চাৰি জিলাত ই ৰিক্সা বিতৰণৰ কাম আৰম্ভ কৰিছে৷ আজি কোকৰাঝাৰ চহৰস্থিত বড়োলেণ্ড অতিথিশালাৰ চৌহদত ই ৰিক্সা বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিটিচিৰ পৰিবহণ বিভাগৰ কাৰ্যবাহী সদস্য জগদীশ সৰকাৰে ৷
উল্লেখ্য যে বিটিচি কৰ্তৃপক্ষই দৰিদ্ৰ লোকসকলক সকাহ দিয়াৰ উদ্দেশ্যে আজি শুভাৰম্ভ কৰা ই ৰিক্সা বিতৰণ কাৰ্যসূচীৰ জৰিয়তে ২০ গৰাকী দৰিদ্ৰ লোকক ই ৰিক্সা প্ৰদান কৰি বিভাগীয় কাৰ্যবাহী সদস্য জগদীশ সৰকাৰে কয় যে বিটিচিৰ চাৰি জিলাত পৰ্যায়ক্ৰমে মুঠ ৮৯০ খনকৈ ই ৰিক্সা দৰিদ্ৰ লোকক প্ৰদান কৰা হ’ব ৷ ইয়াৰে কোকৰাঝাৰ জিলাত ২৩৫ খন, চিৰাং জিলাত ২১০খন ওদালগুৰি জিলাত ২১০খন আৰু বাক্সা জিলাত ২৩৫ টাকৈ ই-ৰিক্সা প্ৰদান কৰা হ’ব বুলি কয় জগদীশ সৰকাৰে ৷