ডিজিটেল ডেস্কঃ NewWorkTimeৰ খবৰ মতে, ইৰাক-ইৰাণ সীমান্তত সংঘটিত ভূমিকম্পত মৃতকৰ সংখ্যা ৪৫০ জনলৈ বৃদ্ধি হোৱা বুলি জানিব পৰা গৈছে৷ সোমবাৰে পুৱা ভয়াবহ ভূমিকম্পৰ ফলত পুৱাই কপি উঠিছিল ইৰাক-ইৰাণ সীমান্ত৷ দুয়ো খন দেশৰ ভূমিকম্পৰ ফলত বহু লোকৰ প্ৰাণ যোৱাৰ লগতে এক প্ৰকাৰ সীমান্তৱৰ্ত্তী এলেকা ধ্বংসস্তূপত পৰিণত হয়৷ দুয়ো দেশৰ হাহাকাৰ লাগে৷ সোমবাৰে প্ৰায় ৩২৮ গৰাকী লোকৰ মৃত্যু হৈছিল যদিও মৃকৰ সংখ্যা বৃদ্ধি হৈ থকাৰ খবৰ পোৱা গৈছে৷
জীৱন সম্পত্তৰি বিস্তৰ ক্ষতি সাধন হৈয়৷ ইৰান মৃত্যুৰ সংখ্যা বহু বেছি দিও ইৰাকত মৃত্যুৰ সংখ্যা বহু কম৷ দুয়ো দেশৰ ৰাজধানী তেহৰান আৰু বাগদাদৰ পৰা প্ৰায় ১০০০ কিঃ মিঃ দূৰত্বৰ সীমান্তত পুৱা প্ৰায় ৯-২০ বজাত ভূমিকম্প হয়৷ ইৰানৰ কুৰ্দীস্থান, চাৰপল-ই-চেহজাব চহৰত প্ৰায় ২৩০ গৰাকী লোকৰ মৃত্যু হয়৷ বহু ওখ ওখ আট্টালিকা খহি পৰে৷