Home ৰাজ্যচাৰিদুৱাৰত অঘটন : ঘূৰ্ণীবতাহত চাৰিদুৱাৰ চৰকাৰী নেভিল মধ্য ইংৰাজী বিদ্যালয়ৰ বিস্তৰ ক্ষতি, আহত পাঁচ শিক্ষাৰ্থী

চাৰিদুৱাৰত অঘটন : ঘূৰ্ণীবতাহত চাৰিদুৱাৰ চৰকাৰী নেভিল মধ্য ইংৰাজী বিদ্যালয়ৰ বিস্তৰ ক্ষতি, আহত পাঁচ শিক্ষাৰ্থী

by News Desk
A+A-
Reset
WhatsApp Image 2018-09-27 at 7

    newsnextone.com/শোণিতপুৰঃ শোণিতপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰত আজি বিয়লি হঠাতে অহা এজাক ঘূৰ্ণিবতাহত এখন চৰকাৰী বিদ্যালয়ৰ  বিদ্যালয়গৃহৰ টিনপাত উৰুৱাই নিয়াৰ লগতে পাঁচজনকৈ ছাত্ৰ-ছাত্ৰী আহত হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

    ঘটনাৰ বিৱৰণী অনুসৰি, আজি বিয়লি ২:১৫ বজাত হঠাতে অহা ঘুৰ্ণিবতাহত চাৰিদু্ৱাৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী নেভিল মধ্য ইংৰাজী বিদ্যালয়ত পাঠদান চলি থকা অৱস্থাত বিদ্যালয়খনৰ ক্ৰমে ষষ্ঠ, সপ্তম শ্ৰেণীকে আদি কৰি তিনিটাকৈ শ্ৰেণীকোঠাৰ লোহাৰ ৰেলিংসহ সমূদায় টিনপাত, কাঠ ঘূৰ্নী বতাহে বিদ্যালয়খনৰপৰা প্ৰায় ৫০ মিটাৰ দুৰত্বলৈ উৰুৱাই  নিয়ে । ঘটনাটোত বিদ্যালয়খনৰ  পাঁচজনকৈ ছাত্ৰ-ছাত্ৰী আঘাতপ্ৰাপ্ত হয় যদিও শিক্ষক শিক্ষয়িত্রীৰ তৎপৰতাত শতাধিক ছাত্র ছাত্রীৰ প্ৰাণ ৰক্ষা পৰে। আঘাতপ্ৰাপ্ত আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীকে বিদ্যালয় কৰ্তৃপক্ষ, আৰু পৰিচালনা সমিতিৰ তত্বাৱধানত ততাতয়াকৈ চাৰিদুৱাৰৰ ত্ৰিশখনৰ বিচনাযুক্ত গ্ৰামীণ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। জানিব পৰা মতে, ছাত্ৰ-ছাত্ৰীকেইগৰাকীয়ে মূৰ, হাত, ভৰিত আঘাত পাইছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0