চৰাইদেউঃ চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ ব্যৱসায়ীসকলে নাগালেণ্ডৰ সৈতে বহু বছৰৰ পৰা সু-সম্পৰ্কৰে ব্যৱসায়-বাণিজ্য কৰি আহিছে যদিও শেহতীয়াকৈ ৰাজ্যখনৰ অস্ত্ৰধাৰী সংগঠন এনএছচিএনে অবৈধভাৱে ধন সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
স্থানীয় ব্যৱসায়ীসকলে জানিবলৈ দিয়া মতে, প্ৰতিখন গাড়ী প্ৰৱেশ কৰোতে ২০০ টকাকৈ লোৱা, ব্যৱসায়ীসকলক ধনদাবী কৰা, গাড়ীৰ পৰা বলপূৰ্বক ভাৱে বয়-বস্তু কাঢ়ি লোৱা, চালকৰ পৰা টকা-পইচা, মোবাইল আদি কাঢ়ি লৈ মৃত্যুৰ ভাবুকি দিয়া আদি বৰ্তমান নিত্য-নৈমিত্তিক ঘটনাৰ দৰে হৈ পৰিছে।