চাবুৱাঃ পৰিৱৰ্তনৰ শ্ল’গান আওৰাই শাসনৰ গাদীলৈ অহা ৰাজ্য চৰকাৰখনৰ শিক্ষা বিভাগ এতিয়া চৰম ব্যৰ্থ৷ উপযুক্ত আন্তঃগাঁথনিৰ অভাৱত গছৰ তলত, মুকলি আকাশৰ তলত শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীয়ে৷ গভীৰ নিদ্ৰাত বিভাগীয় বিষয়া-কৰ্মচাৰী৷
চৰকাৰে প্ৰাথমিক শিক্ষাক অধিক ফলপ্ৰসূ কৰাৰ বাবে বিদ্যালয় সমুহত মধ্যাহ্ন ভোজন, গুণগত শিক্ষা ব্যৱস্থাকে আদি কৰি বিভিন্ন অভিলাসী আঁচনি গ্ৰহণ কৰাৰ সময়ত ৰাজ্যৰ একাংশ বিদ্যালয়ত কণ কণ ছাত্ৰ -ছাত্ৰীয়ে মুকলি আকাশৰ তলত শিক্ষা গ্ৰহণ কৰাৰ তথ্য পোহৰলৈ আহিছে৷