লংকাঃ পৃথিৱীৰ পৰা দৰিদ্ৰতাৰ লগতে সন্ত্ৰাসবাদৰ সমস্যা দূৰ কৰাৰ বাবে বিশ্বৰ প্ৰতিখন দেশে শিক্ষাক বিস্তাৰৰ বাবেই মুলত গুৰুত্ব প্ৰদান কৰি আহিছে৷ আমাৰ দেশ ভাৰত তথা ৰাজ্য অসমেও এই ক্ষেত্ৰত পিছ পৰি থকা নাই৷ সকলোৰে বাবে শিক্ষা, পঢ়েগা ইণ্ডিয়া বঢ়েগা ইণ্ডিয়া আদি শ্ল’গানেৰে প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰাৰ বাবে কোটি কোটি টকা খৰছ কৰি আহিছে দেশ তথা ৰাজ্যৰ চৰকাৰে৷
দৰিদ্ৰ-শ্ৰমিক, খাটিখোৱা, ৰাজ পথত দিন অতিবাহিত কৰা লোকলসকলৰ লৰা-ছোৱালীয়ে যাতে উচিত শিক্ষা ল’ব পাৰে তাৰ প্ৰতি দেশৰ চৰকাৰে যোৱা ২০ বছৰত গুৰুত্ব প্ৰদান কৰি আহিছে৷ সৰ্বশিক্ষাৰ দৰে আইন প্ৰণয়ন কৰি উচ্চমানৰ প্ৰাথমিক শিক্ষা সমগ্ৰ দেশৰ পিছপৰা লোকৰ সন্তানৰ লাভ কৰাৰ ব্যৱস্থা কৰে।
প্ৰাথমিক শিক্ষা সকলোৰে সামাজিক অধিকাৰ আৰু এই অধিকাৰ সকলোকে প্ৰদান কৰাৰ বাবে বৰ্তমানৰ চৰকাৰ আৰু ইউপিএৰ মনমোহন সিঙৰ চৰকাৰে চেষ্টা চলাই।