Home ৰাজ্যপ্ৰথম এডুকেচ’নৰ উদ্যোগত নগাঁৱত শিক্ষা মেলা

প্ৰথম এডুকেচ’নৰ উদ্যোগত নগাঁৱত শিক্ষা মেলা

by News Desk
58 views
A+A-
Reset

নগাঁওঃ দেশৰ অগ্ৰণী বেচৰকাৰী সংস্থা প্ৰথম এডুকেচ’ন ফাউণ্ডেচনৰ উদ্যোগত বিগত প্ৰায় কুৰি বছৰো অধিক কাল ধৰি সমগ্ৰ দেশত পৰ্যায়ক্ৰমে ছাত্ৰ-ছাত্ৰীৰ দক্ষতা বৃদ্ধি আৰু মানসিক উৎকৰ্ষ সাধনৰ অৰ্থে কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে৷ যোৱা ৪ মে’ত নগাঁও জিলাৰ খাগৰিজান শিক্ষা খণ্ডৰ এলেকাৰ শ্বহীদ নৰেন্দ্ৰ নাথ স্মৃতি বিদ্যাপীঠত এখন শিক্ষা মেলাৰ লগতে শিশু উদ্গনি সভা অনুষ্ঠিত কৰে৷ 

বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা আহি সমবেত হোৱা শতাধিক কণ কণ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু অভ্যাগতৰ উপস্থিতিৰে অনুষ্ঠানস্থলীত উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হয়৷ কাৰ্যসূচী অনুসৰি পুৱা ১০ বজাৰ পৰা একাদিক্ৰমে দ্বিতীয় মানৰ পৰা অষ্টম শ্ৰেণীলৈকে অধ্যয়ণৰত ছাত্ৰ-ছাত্ৰীৰ মাজত দুটা শাখাত চিত্ৰাংকন, কবিতা আবৃত্তি, আকস্মিক বক্তৃতা আৰু ভেশচন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ পিছতে বিশিষ্ট নাট্যকৰ্মী লক্ষীনাৰায়ণ ৰচনা আৰু শিক্ষক ৰাজুমনি ডেকাৰ পৰিচালনাৰে কণ কণ শিশুসকলৰ দ্বাৰা একাংক নাট ‘সংকল্প’ মঞ্চস্থ কৰা হয়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0