মোৰাঝাৰঃ দেশৰ বৰ্তমান পৰিস্থিতিৰ লগতে বৰ্তমানৰ শিক্ষা ব্যৱস্থাটোৰ ওপৰত ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলৰ সক্ৰিয় ভুমিকাৰ ওপৰত গুৰুত্ব প্ৰদানৰ বাবে দুদিনীয়া কাৰ্যসূচীৰে হোজাই জিলাৰ ডবকাৰ হিন্দু ব্লক মধ্য ইংৰাজী বিদ্যালয় প্ৰাঙ্গনত শনিবাৰে বৃহত্তৰ নাগৰিক ঐক্য মঞ্চৰ উদ্যোগত এখনি শিক্ষা সজাগতা সভাৰ আয়োজন কৰা হয়।
উক্ত সভাত সভাপতিত্ব কৰে অঞ্চলটোৰ বিশিষ্ট সমাজসেৱী বদৰুল ইছলামে। শিক্ষাৰদ্বাৰা সমাজ পৰিবৰ্তন কৰিব পাৰি লগতে বৰ্তমান অসমৰ পৰিস্থিতিৰ ওপৰত একমাত্র শিক্ষা আৰু একতাৰ দ্বাৰা ৰাইজক সঠিক পথ-প্ৰদৰ্শন কৰিব পৰাৰ উদ্দেশ্যৰে হিন্দু ব্লক মধ্য ইংৰাজী বিদ্যালয়ে এই সভাখন অনুস্থিত কৰে।