36
newsnextone.com | কাকপথাৰঃ সমগ্ৰ বিশ্বৰ লগতে তিনিচুকীয়া জিলাৰ কাকপথাৰত ইছলাম ধৰ্মাৱলম্বী লোকসকলে শনিবাৰে পবিত্ৰ ঈদ-উল-ফিৎৰ পালন কৰে। ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ প্ৰবিত্ৰ উৎসৱ ঈদ-ঊল-ফিতৰৰ পুৱাই নামাজ আদায় কৰে৷
ধৈৰ্য, ত্যাগ-সংযমেৰে ৩০টা ৰোজা সমাপ্ত কৰাৰ অন্তত শনিবাৰে ঈদ পালন কৰে ইছলামধৰ্মীসকলে৷ কাকপথাৰতো কাকপথাৰ মছজিদ পৰিচালনা সমিতিৰ উদ্যোগত মছজিদ প্ৰাংগনত ঈদৰ নমাজ আদায় কৰে ৰাইজে৷