58
ডিফুঃ সমগ্ৰ বিশ্বৰ লগতে কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুতো পৱিত্ৰ ঈদ-উল-ফিটৰ কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয়৷
আজি পুৱা ৯-১৫ বজাত ডিফু মছজিদ প্ৰাংগণত ডিফু আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ মুছলমান ভক্ত প্ৰাণসকলৰ সোঁত বয়৷ প্ৰায় ৪ সহস্ৰাধিক লোকৰ অংশ গ্ৰহণ কৰা ডিফু মছজিদত ঈদৰ নামাজৰ ইমামতি কৰে ইমাম হাফিজ মৌলানা গিয়াছ উদ্দিন কাছিমীয়ে৷