newsnextone.com | ডিজিটেল ডেস্কঃ কেইমাহ মান পূৰ্বে পশ্চিম বংগৰ গোবড়াডাঙা আৰু উত্তৰ ২৪ পৰগনাত ভয়াবহ গোষ্ঠী সংঘৰ্ষ হৈছিল৷ বহু লোকৰ ঘৰ-বৰ জ্বলাই দিয়া হৈছিল৷ উত্তপ্ত হৈ পৰিছিল পৰিস্থিতি৷ সেনা আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ দৰে পৰিবেশৰ সৃষ্টি হৈছিল৷ সমগ্ৰ দেশত এই কাণ্ডক লৈ উত্তেজনা বিয়পিছিল৷ কিন্তু এতিয়া ক্ষান্ত গোবড়াডাঙা আৰু উত্তৰ ২৪ পৰগনা অঞ্চল৷
কিন্তু শনিবাৰে সংঘৰ্ষ লগা ঠাই টুকুৰাত সাম্প্ৰদায়িক সংহতিৰ এক ইতিহাস সৃষ্টি কৰি মন্দিৰ সমিতিয়ে ঈদৰ নামাজ পঢ়াৰ বাবে ব্যৱস্থা কৰিলে ইছলামধৰ্মীৰ বাবে৷ পশ্চিম বংগৰ গোবড়াডাঙাৰ গঢ়পাহাৰত হিন্দু ধৰ্মৰ লোকে মুছলমানৰ বাবে ঈদৰ নামাজ পঢ়াৰ বাবে ব্যৱস্থা কৰে৷ এই ঘটনাই সংঘৰ্ষৰ সেই সময়ৰ ভয়াবহ ছবি সমূহ পাহৰাই পেলায়৷