আম আঁতৰাব লাগিব আপে, দুদিনত কাৰ্যকৰীকৰণৰ নিৰ্দেশ নিৰ্বাচনী আয়োগৰ

নতুন দিল্লীঃ অৰবিন্দ কেজৰিৱালৰ আম আদমি পাৰ্টিৰ ওপৰত নিৰ্বাচনী আয়োগৰ এক তৎকালীন নিৰ্দেশ। সমাগত দিল্লী পৌৰসভা নিৰ্বাচনৰ সময়তে দলটোক কঢ়া নিৰ্দেশ জাৰী কৰিছে নিৰ্বাচন আয়োগে৷ এই নিৰ্দেশমৰ্মে ৰাজধানী চহৰখনৰ সকলো চৰকাৰী হৰ্ডিঙৰ পৰা দলটোৱে আতৰাব লাগিব 'আম’ নাম৷

৪৮ ঘন্টাৰ ভিতৰত কাৰ্যকৰী কৰিব লাগিব এই নিৰ্দেশ৷ চহৰখনৰ হৰ্ডিং, বেনাৰ আদিত আপে জাৰী কৰা বিভিন্ন আঁঁচনিসমুহৰ কথা উল্লেখ আছিল৷ এনে কিছু আঁচনি হৈছে 'আম আদমী মহিলা ক্লিনিক’, 'আম আদমী বাইপাছ এক্সপ্ৰেছ চাৰ্ভিছ’ ইত্যাদি৷  

দিল্লীৰ বিধানসভাৰ বিৰোধী দলৰ বিজেপি নেতা বিজেন্দ্ৰ গুপ্তাই এই বিষয়ে আপত্তি কৰি কৈছিল যে এই হৰ্ডিংসমুহৰ পৰা আম আদমী পাৰ্টিয়ে প্ৰচাৰ লাভ কৰিছে৷ নেতাজনৰ উক্ত আপত্তিৰ পিছতেই নিৰ্বাচনী আয়োগৰ মুখ্য সচিবে দলটোক এই নিৰ্দেশ দিয়ে৷