নগাঁওঃ ৰাজনীতি এতিয়া শংকা আৰু আতংকৰ কাৰণ নেকি৷ ৰাজনীতি তথা ভোট মানেই হিংসাত্মক ঘটনা হোৱাৰ আশংকা থাকে নেকি৷ ক্ষমতাৰ বাবে মানুহবোৰে সকলো সীমা অতিক্ৰম কৰে নেকি৷ এনেই প্ৰশ্ন উদয় হৈছে মানুহৰ মনত৷ সাধৰণ সমবায় সমিতিৰ নিৰ্বাচনত আৰক্ষীৰ পহৰা দিয়াৰ দৃশ্য প্ৰত্যক্ষ কৰি এই প্ৰশ্ন উত্থাপন হৈছে মানুহৰ মনত৷ বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষীৰ উপস্থিতিত নিৰ্বাচন অনুষ্ঠিত কৰিব লগা হৈছে নগাঁৱত৷
কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে নগাঁও জিলাৰ ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত কটহগুৰি সমবায় সমিতি খনৰ নিৰ্বাচন আৰু ভোট গণনা যোৱা ২২ এপ্ৰিলত সম্পন্ন হয়। নগাঁও জিলা সমবায় সমিতি সমূহৰ উপ-পৰিদৰ্শক মিন্টু মেধিৰ উপস্থিতিত অতি কটকটীয়া নিৰাপত্তাৰ মাজেৰে নিজ টুকটুকী মোক্তাৱ বিদ্যালয়ৰ প্ৰেক্ষাগৃহত দিনৰ ১০ বজাৰ পৰা আৰম্ভ হোৱা নিৰ্বাচন আৰু ভোট গণনা প্ৰক্ৰিয়া নিশা প্ৰায় ৮.৪৫ বজাত শান্তি-শৃংখলাৰে সমাপ্ত হয়।