newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ কেইবাখনো ৰাজ্যত অনুষ্ঠিত হোৱা ৪ খন লোকসভা আৰু ১০ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোট গণনা অব্যাহত আছে৷
মহাৰাষ্ট্ৰৰ পালঘৰ লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থীয়ে শিৱসেনাতকৈ ১৮,০০০ ভোটত অগ্ৰগতি লাভ কৰি আছে৷ সমষ্টিটোৰ ১১ সংখ্যক ভোট গণনাৰ অন্তত বিজেপি প্ৰাৰ্থী ৰাজেন্দ্ৰ গাবিতে ১,২৪,১৬৬ টা ভোট লাভ কৰিবলৈ সক্ষম হৈছে৷ আনহাতে প্ৰতিদ্বন্দ্বী শিৱসেনাৰ শ্ৰীনিৱাস বানাগাই ১,০৫,৬৭৭ টা ভোট লাভ কৰি বিজেপি প্ৰাৰ্থীতকৈ পিছ পৰি আছে৷