newsnextone.com | গুৱাহাটীঃ ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীত ঐতিহ্যমণ্ডিত কেইবাখনো মহাবিদ্যালয়ে পূৰ্বৰ গৰিমা অটুট ৰাখিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ ইয়াৰ লগে লগে লাখ লাখ টকাৰে অভিভাৱকে নামভৰ্তি কৰা মহানগৰীত স্থাপিত নামী-দামী ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহেও সুনাম ধৰি ৰাখিব পৰা নাই৷
সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দৰেই গুৱাহাটী মহানগৰীৰ পৰীক্ষাৰ্থীয়ে বিশেষ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম ন’হল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলতো৷ হাইস্কুল পৰীক্ষাৰ দৰেই উচ্চতকৰ মাধ্যমিকৰ পৰীক্ষাতো অভিজাত মহানগৰীৰ ভেম ভাঙিলে গাঁৱৰ লৰা-ছোৱালীয়ে৷ আকৌ এবাৰ যেন ভাঙিল আভিজাত্যৰ ভেম৷