ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ পাঁচগৰাকী ন্যায়াধীশৰ এখন সাংবিধানিক বিচাৰপীঠে শুনানি গ্ৰহণ কৰি আছে নিৰ্বাচনী বণ্ড আঁচনিৰ আইনী বৈধতাৰ সৈতে জড়িত গোচৰৰ। বিগত ৮ বছৰতকৈও অধিক সময় ধৰি সৰ্বোচ্ছ ন্যায়ালয়ত বিচাৰাধীন হৈ থকা এই গোচৰৰ ওপৰত শেহতীয়াকৈ দৃষ্টি নিৱদ্ধ হৈছে দেশবাসীৰ। কাৰণ, আৰু মাত্ৰ কিছু মাহ পিছতে দেশত অনুষ্ঠিত হ’ব লোকসভাৰ নিৰ্বাচন। আৰু এই নিৰ্বাচনত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে বৰ্তমান ন্যায়ালয়ত বিচাৰাধীন ইলেক্টৰেল বণ্ড গোচৰৰ ফলাফলে।
এই গোচৰৰ শুনানি আৰম্ভ হোৱাৰ এদিন পূৰ্বে ৩০ অক্টোবৰত ভাৰতৰ এটৰ্নী জেনেৰেল আৰ ভেংকটাৰমণীয়ে আঁচনিখনক সমৰ্থন কৰি উচ্চতম ন্যায়ালয়ৰ আগত কয় যে এই আঁচনিখনে ৰাজনৈতিক দলসমূহক অনুদানত “স্বচ্ছ ধন” ব্যৱহাৰৰ প্ৰসাৰ ঘটায়। এটৰ্নী জেনেৰেলে উচ্চতম ন্যায়ালয়ৰ সন্মুখত যুক্তি আগবঢ়ায় যে যুক্তিসংগত নিষেধাজ্ঞাৰ অবিহনে নাগৰিকে কোনো কথা অথবা সকলো কথা জনাৰ সাধাৰণ অধিকাৰ লাভ কৰিব নোৱাৰে।